Tuesday, 27 November 2012

জোৰ যাৰ মুলুক তাৰ


জোৰ যাৰ মুলুক তাৰ

হাবিত আকাল হৈছে। জীৱ জন্তু কমি আহিছে। সেয়ে ভালুকে এটা পৰামৰ্শ দিলে। একেলগে চিকাৰ কৰিব আৰু যি পায় সমানে ভগাই খাব। শিয়াল আৰু কুকুৰানচীয়াই ভালুকৰ চৰ্ত মানি ল’লে। যি পায় তিনিও ভগাই খাব।
প্ৰথম দিনা তিনিও একেলগে চিকাৰলৈ গ’ল। এটা পোৱালি হৰিণা সিহঁতে বধিলে।  এতিয়া ভাগ কৰাৰ পাল। হৰিণাটো বেৰি ধৰি তিনিওটা বহি ল’লে। প্ৰথমে ভালুকে আৰম্ভকৰিলে, “আহা নেচীয়া, তুমিয়েই ভগাই দিয়া’’।
নেচীয়াই  ইমান ডাঙৰ দায়িত্ব এটা পাই বৰ গৌৰৱ বোধ কৰিলে। সি ক’লে, “তেনেই সহজ হৈ আছে। নিজ নিজ ভাগটো খালেই হ’ল।”
“কোনে কি খাব?’’ ওঁঠ চেলেকি শিয়ালে মাত লগালে।
নেচীয়াই পেন্দোৱাকৈ শিয়ালৰ ফালে চাই ক’লে, “মূৰটো ভালুক ছাৰৰ। কাৰণ তেওঁ আমাৰ গুৰিয়াল। ভৰি কেইখন শিয়াল ভাইটিয়েই খাওক।দুয়োটাকে দিয়াৰ পাছত মোলৈ যি থাকে তাকে খাম আৰু! মোলৈ পেটটোহে থাকিবগৈ। হ’ব, তাৰেই হ’ব’’।
নেচীয়াৰ কথা শেষ হ’বলৈ নাপালে। ভালুকে নেচীয়াক এটা ঢকা মাৰিলে। ভালুকৰ ঢকাত গোটেই হাবি কঁপি গ’ল। বেচেৰা নেচীয়াই সেই ঢকাত ঠাইতে প্ৰাণ এৰিলে”।
এইবাৰ ৰঙা চকু দেখুৱাই ভালুকে ক’লে, “শিয়াল ভাইটি, এইবাৰ তুমি ভগাই দিয়া’’।
“আও, এইটোনো কি কথা? তেনেই সহজ হৈ আছে। মূৰটোতো আপোনাৰেই।”
“অঁ, সেয়া নেচীয়াই দিয়েই গৈছে।” ভালুকে খঙেৰে ক’লে।
“নেচীয়া কাইটিতো ঢুকাল। গতিকে তেওঁৰ ভাগটোও আপুনিয়েই ল’ব’’।
“বেছ। বৰ ভাল কথা।তুমি দেখিছো বৰ বুধিয়ক।’’
“বাকী থাকিল ঠেং কেইখন। সেই কেইখন…
“কোনে পাব সেই কেইখন?’’ ভালুকে চকু পকাই ধৰিলে শিয়ালক।
তিনিবাৰ মান ওঁঠ চেলেকি শিয়ালে কও নকও কৈ ক’লে, “সেয়াও আপুনিয়েই লওক ছাৰ।’’
ভালুক বৰ আনন্দিত হ’ল। তেওঁ সুধিলে, “বৰ সুন্দৰ ভাগ কৰিছা। ক’ৰ পৰা শিকিলা?’’
“ছাৰ, আপোনাৰ পৰাই।”
“কেতিয়া শিকালোঁ মই?”
“যেতিয়া একে ঢকাতে নেচীয়া কাইটিক বধিলে।”
ভালুক শিয়ালৰ ওপৰত বৰ প্ৰসন্ন হ’ল। খুচী মনেৰে তেওঁ শিয়াললৈ হৰিণাৰ কাণ এখন ছিঙি দলিয়াই দিলে।

প্ৰতিৱেশী


প্ৰতিৱেশী

মন্ত্ৰী বৰ শান্তি প্ৰিয় মানুহ। তেওঁ চিঞৰ বাখৰ,  হুলস্থুল একেবাৰে সহ্য কৰিব নোৱাৰে। কিন্তু কি যে দূৰ্ভাগ্য! মন্ত্ৰীৰ ঘৰৰ এফালে কাঠমিস্ত্ৰীৰ ঘৰ। দিন নাই, ৰাতি নাই কেৱল কৰত আৰু হাতুৰী-বটালিৰ শব্দ। আনফালে আকৌ কমাৰৰ ঘৰ। দিন নাই, ৰাতি নাই কেৱল লো কোবোৱাৰ শব্দ। বহুদিন মন্ত্ৰীয়ে সহ্য কৰিলে। আৰু নোৱাৰি। গতিকে তেওঁ পুলিচ পঠিয়াই কমাৰ আৰু কাঠমিস্ত্ৰীক অনতি পলমে ঘৰ সলাবলৈ আদেশ দিলে। কথা মতেই কাম। তাতে মন্ত্ৰীৰ আদেশ! নামানিলে কি পাকত পেলাই চাকত ঘুৰাই ঠিকনা নাই। গতিকে দুয়ো ঘৰ সলনি কৰিবলৈ যো-জা কৰিলে।
বেলেগ ঘৰ বিচাৰি পাই প্ৰথমে কমাৰ আহিল মন্ত্ৰীক মাত লগাবলৈ। কমাৰ যোৱাৰ পাছত কাঠমিস্ত্ৰী আহি জনালে যে তেৱোঁ ঘৰ সলনি কৰিব। পিছদিনা পুৱা নতুন ঘৰলৈ যাবগৈ। দুয়ো মন্ত্ৰীক মাত লগোৱাৰ পাছত মন্ত্ৰীৰ মনটো বেয়া লাগিল। হাজাৰ হওক তেওঁৰেই প্ৰতিৱেশী আছিল! তেওঁৰ শান্তিৰ বাবেই সিহঁত যাব লগা হ’ল। মন্ত্ৰীয়ে দুয়োকে নিশা মাতি আনি মাছে-ভাতে-মঙহে ভালদৰে খুৱালে। যাতে তেওঁলোকে বেয়া পাই নাযায়।
পিছদিনা নিশা শান্তিৰে শুব পাৰিম বুলি মন্ত্ৰী বিচনাত পৰিল। কিন্তু আকৌ সেই কৰত-বটালি-লোহাৰ শব্দই তেওঁৰ শান্তি ভংগ কৰিলে। ইহঁতে ঘৰ সলাম বুলি ফাকি দিলে! মন্ত্ৰীয়ে মনে মনে ভাবিলে। খঙত মন্ত্ৰীয়ে লগে লগে খবৰ কৰিবলৈ পুলিচ পঠিয়ালে। পুলিচে আহি খবৰ দিলে – তেওঁলোক দুয়োৱে ঘৰ সলোৱাটো সঁচা। কাঠমিস্ত্ৰীৰ ঘৰটো কমাৰে লৈছে আৰু কমাৰৰ ঘৰটো কাঠ মিস্ত্ৰীয়ে লৈছে।

জীৱনদায়ী উদ্ভিদ


জীৱনদায়ী উদ্ভিদ

এবাৰ এটা মগনিয়াৰে মাগি মাগি এখন সৰু চহৰ পালেকৈ। চহৰখনৰ মানুহবোৰ বৰ নিষ্ঠুৰ আৰু কৃপণ আছিল। তেওঁলোকে এপইছাও মগনিয়াৰটোক নিদিয়ে। আনকি ভোকত খাবলৈকো নিদিয়ে। এনেদৰে দুটা দিন দুটা ৰাতি সি অনাহাৰে থাকিব লগা হ’ল। তাৰ মৰাৰ দৰে অৱস্থা হ’ল। কিন্তু এনেদৰেতো থাকিব নোৱাৰি! সি ভাবি ভাবি এটা বুধি উলিয়ালে। পিছদিনা পুৱা সি দুই এটা মানুহক লগ ধৰি ক’লে যে সি এনে এবিধ উদ্ভিদ চিনি পায়, যিয়ে মৰিব ধৰা মানুহকো জীয়াই তুলিব পাৰে। কথাটো বনজুইৰ দৰে গোটেই চহৰখনত বিয়পি পৰিল। কথাটো  এজন কৃপণ ব্যৱসায়ীৰ কাণত পৰিল। তেওঁ মগনিয়াৰটোক আথে-বেথে মাতি নিলে – কিজানি সেই উদ্ভিদৰ ব্যৱসায় কৰিব পৰা যায়েই। ঘৰলৈ আনি তাক ভালদৰে খুৱাই-বুৱাই উদ্ভিদজোপাৰ বিষয়ে সুধিলে। সি কবলৈ ধৰিলে, “খাবলৈ নেপাই মৰোঁ মৰোঁ হৈছোঁ। গতিকে এতিয়া সেই উদ্ভিদজোপা দেখুৱাই দিবলৈ যাব পৰা শক্তি মোৰ নাই’’।
“কোনো কথা নাই, তুমি মোৰ ঘৰতে থাকি ভালদৰে খোৱা-বোৱা কৰা। গা টঙাই লোৱা। তাৰ পাছত উদ্ভিদজোপা দেখুৱাই দিলেও হ’ব’’।
ব্যৱসায়ীজনৰ তাক খুৱাই-বুৱাই ৰাখিবলৈ মন নাছিল। কিন্তু নাৰাখিলে কিজানিবা সেই উদ্ভিদৰ কথা আন কাৰোবাক কৈ দিয়ে!! তেতিয়া লাভ তেওঁৰ হাতৰ মুঠিৰ পৰা যাব। সেয়ে ব্যৱসায়ীজনে মগনিয়াৰটোক ঘৰতে থকিবলৈ দিলে। চৰ্ত হ’ল- সি খাই-বৈ গা টঙাই লোৱাৰ পাছত উদ্ভিদজোপা তেওঁক দেখুৱাই দিব।
মগনিয়াৰে এসপ্তাহ মান সেই ঘৰত হেঁপাহ পলুৱাই খালে। এদিন বৰকৈ জোৰ কৰি থকাত সি ব্যৱসায়ীজনক সেই উদ্ভিদজোপা দেখুৱাবলৈ লৈ গ’ল। চহৰৰ বাহিৰ ওলাই পথাৰৰ ফালে আঙুলিয়াই সি ক’লে, “সেই যে দেখিছে সোণবৰণীয়া গছবোৰ সেইবোৰেই মৰিব ধৰা মানুহক জীয়াই তুলিব পাৰে’’।
ব্যৱসায়ীজনে আচৰিত হৈ ক’লে, “সেইবোৰ চোন ধান গছ’’।
“হয় মহাশয়। আপুনি ভুল কৰা নাই। মই নিজেই দুদিন খাবলৈ নাপাই মৰোঁ মৰোঁ হৈছিলোঁ। আপোনাৰ ঘৰত থাকি এই ধানেৰেই কৰা ভাত খাই মই জী উঠিলোঁ। মই মোৰ চৰ্ত ৰাখিলোঁ। আপোনাক উদ্ভিদজোপা দেখুৱাই দিলোঁ। এতিয়া মই যাওঁ’’।
মহা আনন্দত নাচি নাচি মগনিয়াৰটো গ’লগৈ।

নিকিনা গ্ৰাহক


নিকিনা গ্ৰাহক

এজন বৰ চতুৰ গ্ৰাহক আছিল। তেওঁ সামগ্ৰী কিনিছিল, কিন্তু তাৰ বিনিময়ত দোকানীক একো দিয়া নাছিল।অথচ তেওঁ সামগ্ৰী নাই কিনা বুলিও ক’ব নোৱাৰি। সেয়েহে তেওঁ চতুৰ গ্ৰাহক নামে জনাজাত আছিল। তেওঁক দেখিলেই দোকানীবোৰে ভয় খাইছিল। কাৰণ তেওঁ কাৰ দোকানৰ পৰা কি বস্তু পইছা নিদিয়াকৈ কিনি নিয়ে ঠিক নাই। লাহে লাহে গ্ৰাহকজন দোকানীবোৰৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিল।
সেই চহৰতে এজন বেছ পঢ়া-শুনা কৰা ডেকাই নতুনকৈ এখন হোটেল খুলিলে। আন দোকানীবোৰে তেওঁক চতুৰৰপৰা সাৱধানে থাকিবলৈ পৰামৰ্শ দিলে। তাকে শুনি তেওঁ ক’লে, “মই ইমান বেঙা নহয়। তোমালোকক ঠগিব পাৰে, মোক নোৱাৰে।‘’’
এই কথা চতুৰৰ কাণত পৰিল। তেওঁ এদিন দিন-বাৰ চাই হোটেলৰ আগত থিয় হ’লগৈ।  তাকে দেখি আন দোকানীবোৰো কাষ চাপি আহিল। নতুন ডেকাইনো কেনেকে বস্তু নিদিয়াকৈ চতুৰক বিদায় দিয়ে তাকে চাবলৈ।
চতুৰে চিধাই গৈ ব্যস্তভাবে ডেকাক ক’লে, “চিঙাৰা আছেনে? গৰম হ’বনে?’’ বুলি খৰাহীত থকা চিঙাৰাবোৰ চুই চাই ক’লে, “দাম কিমান?”
“এটাত পাচ টকা”
“ঠিক আছে, চল্লিছটা বান্ধি দিয়া” বুলি চতুৰে পকেটত হাত ভৰালে।
ইফালে ডেকাই চল্লিছটা চিঙাৰা বান্ধি দিলে আৰু ক’লে, “দুশ টকা’’
চতুৰে পইচা আগবঢ়াই দিও ঘূৰাই আনিলে।
“ৰবাচোন, ৰবা। এই যে গোল্লা দেখিছো নতুন নে? দাম কিমান?”
“হয় নতুন। এটাত ১০ টকা”
“হয়নে? বৰ ভাল, বৰ ভাল। তেনে মোক চিঙাৰাৰ সলনি গোল্লাকে দিয়া। একে পইছাৰে। বিছটা পাম নহয়নে?”
এইবাৰ ডেকাই বিছটা গোল্লা বান্ধি দিলে। চতুৰে থোঙাটো হাতত লৈ আকৌ ঘুৰাই দিলে। “এস নালাগে দিয়া। মোক গোল্লাৰ সলনি কলাকানকে দিয়া।”
ডেকাৰ খং উঠিছিল। কিন্তু চতুৰেনো তেওঁক কেনেকৈ ঠগে দেখা যাওক বুলি ভাবিলে। তেওঁ ক’লে, “কালাকানৰ দাম এটাত বিছ টকা কিন্তু হ’লে দেই। কেইটা দিম?”
এইবাৰ চতুৰে ডেকাক খঙেৰে ক’লে, “তোমাক ক’লোঁচোন গোল্লাৰ সলনি দিয়া। গতিকে দহটা নেপাম জানো? হিচাপ নাজানা নেকি হে?”
ডেকাই নিৰবে কালাকান দহটা বান্ধি দিলে। টোপোলাটো লৈ চতুৰে গহীনত বাটলৈ খোজ দিলে। তাকে দেখি ডেকাই চতুৰক বাটৰ পৰা ধৰি আনিলে।
“পইছা নিদিয়াকৈ ক’লৈ যায়? মোৰ লগত এই বোৰ লটৰ পটৰ নহ’ব।”
ইতিমধ্যে চতুৰ ধৰা পৰা দেখি দোকানৰ সমুখত মানুহৰ জুম লাগিল। চতুৰে ৰাইজৰ ফালে চাই ক’লে, “কি আপদীয়া ডেকাহে তুমি?  কথা নাই, বতৰা নাই পইছা খুজিছ?”
“কেলেই, কালাকান নিয়া নাই এই মাত্ৰ  মোৰ দোকানৰপৰা? সেই টোপোলাটোতে আছে। ক’ত সাৰিব আজি মোৰ হাতৰপৰা? ভালে ভালে ২০০ টকা দিয়ক।”
“হেৰৌ মূৰ্খ। মই তোৰ পৰা কালাকান কিনিছোঁনে?”
“অঁতো”
“চাওকচোন ৰাইজ। ইহঁতি বৰু কেনেকৈ বেপাৰ কৰিব? মই কালাকান দহটা ২০টা গোল্লাৰ সলনিহে ললোঁ। হয় নে নাই ক’?”
“হয়। তেন্তে ২০ টা গোল্লাৰ দামেই দিয়ক”
“অকঁৰা। ২০ টা গোল্লা জানো মই ৪০ টা চিঙাৰাৰ সলনি লোৱা নাই?”
“হয়, লৈছে লৈছে।” এইবাৰ ৰং চাবলৈ অহা দোকানী এটাই মাত লগালে। এই বাৰ চতুৰৰ জব্দ হোৱাৰ পাল। ডেকাই বিজয়ৰ হাঁহি মাৰি ক’লে, “মোক বেঙা বনাব নেলাগে। দহটা কালাকানৰ দাম নিদিয়ে যদি ৪০ টা চিঙাৰাৰ দামেই দিয়ক।”
ৰাইজেও ভাবিলে আজি চতুৰৰ নিস্তাৰ নাই। কিন্তু অকণো বিচলিত নহৈ ৰাইজৰ ফালে মুখ কৰি সুধিলে, “ৰাইজ, মই বস্তু কিনিলেহে পইছা দিম। হয় নে নহয়?”
“হয়, হয় ” ৰাইজে চিয়ঁৰিলে।
এইবাৰ ডেকাজনৰ ফালে মুখ ঘূৰাই চতুৰে ক’লে, “এই ঠগটোলৈ চোৱা। মোক ঠগিবলৈ আহে। মই তেওঁৰ পৰা চিঙাৰা কিনাই নাই, তেওঁক আক’ চিঙাৰা ৪০টাৰ দাম দিব লাগে! ডকাইত নেকি হে তুমি?”
ৰাইজেও ভাবিলে, হয়োতো! তেওঁ নিকিনা বস্তু এটাৰনো কিয় দাম দিব?
“চাব হে, চাব ৰাইজ। এই নতুন দোকানীবোৰৰ পৰা সাৱধান হব।” বুলি কৈ কালাকানৰ টোপোলাটো জোকাৰি জোকাৰি চতুৰ গ’লগৈ। ডেকাই মূৰ খজুৱাই খজুৱাই হিচাপ কৰিব ধৰিলে, চিঙাৰাৰ সলনি গোল্লা…. গোল্লাৰ সলনি কালাকান….।

লোভ


লোভ

ফুনলেকৰ বৰ নাম আছিল। তেওঁ বহু ৰোগীক ভাল কৰিছিল। তেওঁ যি ৰোগীৰ চিকিত্সা কৰে, তেওঁক সুস্থ কৰিহে এৰিব। কিন্তু কথাতে কয় নহয় যে চন্দ্ৰৰ গাতো চেকা আছে; ফুনলেক বৰ লুভীয়া আছিল।ৰোগীয়ে টকা পইছা দিব নোৱাৰিলে হাঁহ, কুকুৰাকে তুলি লৈ আহিছিল। সেয়াও নাপালে গছৰ লাউ কোমোৰাকে ছিঙি আনিছিল।
এবাৰ তেওঁ এটি শিশুৰ চিকিত্সা কৰিলে। ৰোগ বৰ টান আছিল। কিন্তু ফুনলেকৰ ঔষধৰ গুণত শিশুটি সম্পূৰ্ণৰূপে সুস্থহৈ উঠিল। শিশুটিৰ মাকে চিকিত্সাৰ বাবদ তেওঁক এটা সৰু পাট কাপোৰৰ জোলোঙা দিলে। তাকে দেখি ফুনলেকৰ খঙে চুলিৰ আগ পালেগৈ। ইমান কষ্টৰে ল’ৰাটো বচালোঁ, তাৰ বিনিময়ত মাত্ৰ এটা পাট কাপোৰৰ জোলোঙা!!
তেওঁ খঙেৰে ক’লে, “মোক জোলোঙা নালাগে। মোৰ ফিজ দিয়ক।’’
তেওঁ খঙেৰে জোলোঙাটো মাকৰ কোলালৈ দলিয়াই দিলে। জোলোঙাটো নোলোৱাত শিশুটিৰ মাকে মনত বৰ বেজাৰ পালে। তেওঁ মন মাৰি সুধিলে, “ফিজনো কিমান টকা?’’
“নগদ ২০০ টকা।এক পইছাও ইফাল-সিফাল নহ’ব।’’
মাকে পাটৰ জোলোঙাটোৰ পৰা এসোপা টকা উলিয়াই তাৰে ২০০ টকা ফুনলেকক দিলে। টকাগাল দেখি ফুনলেকৰ চকু দুটা জিলিকি উঠিল। তেওঁ কিবা ক’বলৈ বিচাৰিছিল। কিন্তু তাৰ আগতেই মহিলাগৰাকীয়ে হাতত জোলোঙাটো লৈ ভিতৰ সোমাল।

জোনবাই কুঁৱাত পৰিল


পৃথিৱীৰ সাধু
এই সাধুসমূহৰ ৰচনাকাল এপ্ৰিল ১৯৯৬, স্থান: গুৱাহাটী। এয়া মোৰ কলম কাগজ ব্যৱহাৰ নকৰাকৈ প্ৰত্যক্ষ ভাবে কম্পিউটাৰত টাইপ কৰি দুদিনৰ ভিতৰত সম্পূৰ্ণ কৰা মোৰ প্ৰথম খন পুথি।

জোনবাই কুঁৱাত পৰিল

পুহ মহীয়া জাৰ। মধুকায়ে কুঁৱাৰ ভিতৰৰ পানীত জোনবাইজনীক দেখিলে। কঁপি আছে। মধুকাই বৰ দয়ালু। কেনেকৈ পৰি গ’ল বাইজনী কুঁৱাত? এই জাৰত জোনবাইজনী কেনেকৈ কুঁৱাত কঁপি কঁপি পৰি আছে দেহি ঐ! বেছেৰী উঠিব নোৱাৰা হ’ল ছাগৈ! মধুকায়ে দুবাৰ মান মাতিলে। কিন্তু জোনবাইজনীয়ে মাতবোল নকৰে।
কাইটিৰ বৰ বেয়া লাগিল।নিশাটো পানীত পৰি থাকিলে নিউম’নিয়া হ’ব। তেওঁ ৰছী এডাল বিচাৰি আনিলে। তাৰ আগত বৰশীৰ কাঁইট এডাল গাঠি দিলে। তেওঁ ৰছীডাল কুঁৱাৰ ভিতৰলৈ পেলাই দিলে। ক’লে, “তুমি চিন্তা নকৰিবা বাই, মই তোমাক তুলি আনিম”।
কাঁইটডাল গৈ শিলত লাগি ধৰিলে। কাইটিয়ে টানেহে টানে কিন্তু ৰছীডাল নাহে। পূৰ্ণিমাৰ বাই, সেয়ে ওজন বেছি – কাইটিয়ে মনে মনে ভাবিলে। গাৰ সকলো শক্তিৰে টানোঁতে ৰছী ছিগি কাইটি মাটিত তিকা থেকেচা খাই পৰিল। কঁকালত দুখ পাই কাইটিয়ে কান্দি পেলালে। এনেতে কাইটিৰ আকাশলৈ চকু গ’ল। আকাশত জোনবাইজনীয়ে হাঁহি আছে। -হওক তেও, বাইজনীক তুলিব পাৰিলোঁ… তিকা মোহাৰি মোহাৰি কাইটিয়ে ভাবিলে।

লিখা-পঢ়া নজনাৰ ফল


পৃথিৱীৰ সাধু

এই সাধুসমূহৰ ৰচনাকাল এপ্ৰিল ১৯৯৬, স্থান: গুৱাহাটী। এয়া মোৰ কলম কাগজ ব্যৱহাৰ নকৰাকৈ প্ৰত্যক্ষ ভাবে কম্পিউটাৰত টাইপ কৰি দুদিনৰ ভিতৰত সম্পূৰ্ণ কৰা মোৰ প্ৰথম খন পুথি।

লিখা-পঢ়া নজনাৰ ফল

এখন গাঁৱত এগৰাকী বুঢ়ী আছিল। অকলশৰে থাকে। পুতেকে দূৰৈৰ এখন চহৰত চাকৰি কৰে। এদিন পুৱাতে ডাকোৱালে বুঢ়ীক এখন চিঠি দি থৈ গ’ল। বুঢ়ীয়েতো পঢ়িব নাজানে! সেয়ে কাৰোবাৰ হতুৱাই পঢ়াম বুলি ভাবিলে।
মানুহ বিচাৰি বুঢ়ী দিনটো পদূলিতে ৰৈ থাকিল। সন্ধিয়া পৰত বাটেৰে এটা পুলিচ অহা দেখিলে। বুঢ়ী আগ বাঢ়ি গৈ পুলিচটোৰ হাতত চিঠিখন দিলে। বুঢ়ীয়ে ক’লে, ‘পোনাটোৰ চিঠি হ’ব পায়, পঢ়াচোন কি লিখিছে।’
পুলিচটোৱে কিছুবেলি চিঠিখন ঘূৰাই পকাই চালে। তাৰ পাছত হুকহুকাই কান্দিবলৈ ধৰিলে।
ভয়ত বুঢ়ীৰ বুকু ধপধপাই উঠিল। বেয়া খবৰ আছে নেকি কিবা?
পুলিচটোৱে বুঢ়ীৰ প্ৰশ্নৰ দিবলৈ এৰি বেছি জোৰেহে কান্দিবলৈ ধৰিলে।
তাকে দেখি বুঢ়ীয়েও কান্দিবলৈ ধৰিলে। দুয়ো কান্দি থাকোঁতে বাটৰুৱা এজন আহিল। তেওঁ কিছুবেলি তেওঁলোকলৈ চাই থাকিল। অলপ পাছত সেই বাটৰুৱাজনেও মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে।
এনেতে আন এজন বাটৰুৱা সেই বাটেৰে আহিল। তিনিও  কান্দি থকা দেখি তেওঁ কাষ চাপি আহিল। “কি হ’ল? তোমালোকে কিয় কান্দিছা?’’। তেওঁ সুধিলে।
কিন্তু কোনে কাৰ কথা শুনে? বৰং তিনিও ৰাউচি যুৰি কান্দিয়েই থাকিল। অলপ সময়ৰ পাছত কান্দি থকা বাটৰুৱাজন শান্ত হ’ল। তেওঁ ক’লে, “মই কুমাৰৰ কাম কৰোঁ। বহুত দিনৰ আগতে মই এই বাটেৰে কিছুমান মাটিৰ চৰু-কলহ আনিছিলোঁ। সেইবোৰ এই খিনি ঠাইতে পৰি ভাঙিছি। মোৰ বহুত ধনৰ লোকচান হৈছিল। লোকচান পূৰাবলৈ মই খুবেই ব্যস্ত হৈ পৰিলোঁ। কান্দিবলৈ সময়কে নেপালোঁ। তাৰ পাছত কথাটো পাহৰি থাকিলোঁ। আজি এওঁলোকে কান্দি থকা দেখি কথাটোনো কি বুলি ৰৈ চাওঁতেই মনত পৰিল। বৰ বেজাৰ লাগিল মনত। সেয়ে কান্দি পেলালোঁ।’’
এইবাৰ বুঢ়ীয়ে উচুপি উচুপি ক’লে, “পুলিচ বোপাক চিঠিখন পঢ়িবলৈ দিওঁতে তেওঁ কান্দি দিলে। মই পোনাটোৰ কিবা অমংগল হৈছে বুলি ভাবিহে কান্দিছোঁ”।
চকুপানী মচি পুলিচটোৱে ক’লে, “আমাৰ কাম ৰাইজক সহায় কৰা। আজি এই আইতাই মোক চিঠিখন পঢ়ি দিবলৈ ক’লে। কিন্তু মইতো পঢ়িব নাজানো। আইতাক সহায় কৰিব নোৱাৰি মোৰ বৰ দুখ লাগিল। আই-বোপায়ে সৰুতে নপঢ়োৱাৰ বাবেও বৰ বেজাৰ লাগিল। সেয়ে কান্দি পেলালোঁ”।