জীৱনদায়ী উদ্ভিদ
এবাৰ এটা মগনিয়াৰে
মাগি মাগি এখন সৰু চহৰ পালেকৈ। চহৰখনৰ মানুহবোৰ বৰ নিষ্ঠুৰ আৰু কৃপণ আছিল। তেওঁলোকে
এপইছাও মগনিয়াৰটোক নিদিয়ে। আনকি ভোকত খাবলৈকো নিদিয়ে। এনেদৰে দুটা দিন দুটা ৰাতি সি
অনাহাৰে থাকিব লগা হ’ল। তাৰ মৰাৰ দৰে অৱস্থা হ’ল। কিন্তু এনেদৰেতো থাকিব নোৱাৰি! সি
ভাবি ভাবি এটা বুধি উলিয়ালে। পিছদিনা পুৱা সি দুই এটা মানুহক লগ ধৰি ক’লে যে সি এনে
এবিধ উদ্ভিদ চিনি পায়, যিয়ে মৰিব ধৰা মানুহকো জীয়াই তুলিব পাৰে। কথাটো বনজুইৰ দৰে গোটেই
চহৰখনত বিয়পি পৰিল। কথাটো এজন কৃপণ ব্যৱসায়ীৰ
কাণত পৰিল। তেওঁ মগনিয়াৰটোক আথে-বেথে মাতি নিলে – কিজানি সেই উদ্ভিদৰ ব্যৱসায় কৰিব
পৰা যায়েই। ঘৰলৈ আনি তাক ভালদৰে খুৱাই-বুৱাই উদ্ভিদজোপাৰ বিষয়ে সুধিলে। সি কবলৈ ধৰিলে,
“খাবলৈ নেপাই মৰোঁ মৰোঁ হৈছোঁ। গতিকে এতিয়া সেই উদ্ভিদজোপা দেখুৱাই দিবলৈ যাব পৰা শক্তি
মোৰ নাই’’।
“কোনো কথা নাই,
তুমি মোৰ ঘৰতে থাকি ভালদৰে খোৱা-বোৱা কৰা। গা টঙাই লোৱা। তাৰ পাছত উদ্ভিদজোপা দেখুৱাই
দিলেও হ’ব’’।
ব্যৱসায়ীজনৰ তাক
খুৱাই-বুৱাই ৰাখিবলৈ মন নাছিল। কিন্তু নাৰাখিলে কিজানিবা সেই উদ্ভিদৰ কথা আন কাৰোবাক
কৈ দিয়ে!! তেতিয়া লাভ তেওঁৰ হাতৰ মুঠিৰ পৰা যাব। সেয়ে ব্যৱসায়ীজনে মগনিয়াৰটোক ঘৰতে
থকিবলৈ দিলে। চৰ্ত হ’ল- সি খাই-বৈ গা টঙাই লোৱাৰ পাছত উদ্ভিদজোপা তেওঁক দেখুৱাই দিব।
মগনিয়াৰে এসপ্তাহ
মান সেই ঘৰত হেঁপাহ পলুৱাই খালে। এদিন বৰকৈ জোৰ কৰি থকাত সি ব্যৱসায়ীজনক সেই উদ্ভিদজোপা
দেখুৱাবলৈ লৈ গ’ল। চহৰৰ বাহিৰ ওলাই পথাৰৰ ফালে আঙুলিয়াই সি ক’লে, “সেই যে দেখিছে সোণবৰণীয়া
গছবোৰ সেইবোৰেই মৰিব ধৰা মানুহক জীয়াই তুলিব পাৰে’’।
ব্যৱসায়ীজনে আচৰিত
হৈ ক’লে, “সেইবোৰ চোন ধান গছ’’।
“হয় মহাশয়। আপুনি
ভুল কৰা নাই। মই নিজেই দুদিন খাবলৈ নাপাই মৰোঁ মৰোঁ হৈছিলোঁ। আপোনাৰ ঘৰত থাকি এই ধানেৰেই
কৰা ভাত খাই মই জী উঠিলোঁ। মই মোৰ চৰ্ত ৰাখিলোঁ। আপোনাক উদ্ভিদজোপা দেখুৱাই দিলোঁ।
এতিয়া মই যাওঁ’’।
মহা আনন্দত নাচি
নাচি মগনিয়াৰটো গ’লগৈ।
No comments:
Post a Comment