জোৰ যাৰ মুলুক
তাৰ
হাবিত আকাল হৈছে।
জীৱ জন্তু কমি আহিছে। সেয়ে ভালুকে এটা পৰামৰ্শ দিলে। একেলগে চিকাৰ কৰিব আৰু যি পায়
সমানে ভগাই খাব। শিয়াল আৰু কুকুৰানচীয়াই ভালুকৰ চৰ্ত মানি ল’লে। যি পায় তিনিও ভগাই
খাব।
প্ৰথম দিনা তিনিও
একেলগে চিকাৰলৈ গ’ল। এটা পোৱালি হৰিণা সিহঁতে বধিলে। এতিয়া ভাগ কৰাৰ পাল। হৰিণাটো বেৰি ধৰি তিনিওটা বহি
ল’লে। প্ৰথমে ভালুকে আৰম্ভকৰিলে, “আহা নেচীয়া, তুমিয়েই ভগাই দিয়া’’।
নেচীয়াই ইমান ডাঙৰ দায়িত্ব এটা পাই বৰ গৌৰৱ বোধ কৰিলে। সি
ক’লে, “তেনেই সহজ হৈ আছে। নিজ নিজ ভাগটো খালেই হ’ল।”
“কোনে কি খাব?’’
ওঁঠ চেলেকি শিয়ালে মাত লগালে।
নেচীয়াই পেন্দোৱাকৈ
শিয়ালৰ ফালে চাই ক’লে, “মূৰটো ভালুক ছাৰৰ। কাৰণ তেওঁ আমাৰ গুৰিয়াল। ভৰি কেইখন শিয়াল
ভাইটিয়েই খাওক।দুয়োটাকে দিয়াৰ পাছত মোলৈ যি থাকে তাকে খাম আৰু! মোলৈ পেটটোহে থাকিবগৈ।
হ’ব, তাৰেই হ’ব’’।
নেচীয়াৰ কথা শেষ
হ’বলৈ নাপালে। ভালুকে নেচীয়াক এটা ঢকা মাৰিলে। ভালুকৰ ঢকাত গোটেই হাবি কঁপি গ’ল। বেচেৰা
নেচীয়াই সেই ঢকাত ঠাইতে প্ৰাণ এৰিলে”।
এইবাৰ ৰঙা চকু
দেখুৱাই ভালুকে ক’লে, “শিয়াল ভাইটি, এইবাৰ তুমি ভগাই দিয়া’’।
“আও, এইটোনো কি
কথা? তেনেই সহজ হৈ আছে। মূৰটোতো আপোনাৰেই।”
“অঁ, সেয়া নেচীয়াই
দিয়েই গৈছে।” ভালুকে খঙেৰে ক’লে।
“নেচীয়া কাইটিতো
ঢুকাল। গতিকে তেওঁৰ ভাগটোও আপুনিয়েই ল’ব’’।
“বেছ। বৰ ভাল
কথা।তুমি দেখিছো বৰ বুধিয়ক।’’
“বাকী থাকিল ঠেং
কেইখন। সেই কেইখন…
“কোনে পাব সেই
কেইখন?’’ ভালুকে চকু পকাই ধৰিলে শিয়ালক।
তিনিবাৰ মান ওঁঠ
চেলেকি শিয়ালে কও নকও কৈ ক’লে, “সেয়াও আপুনিয়েই লওক ছাৰ।’’
ভালুক বৰ আনন্দিত
হ’ল। তেওঁ সুধিলে, “বৰ সুন্দৰ ভাগ কৰিছা। ক’ৰ পৰা শিকিলা?’’
“ছাৰ, আপোনাৰ
পৰাই।”
“কেতিয়া শিকালোঁ
মই?”
“যেতিয়া একে ঢকাতে
নেচীয়া কাইটিক বধিলে।”
ভালুক শিয়ালৰ
ওপৰত বৰ প্ৰসন্ন হ’ল। খুচী মনেৰে তেওঁ শিয়াললৈ হৰিণাৰ কাণ এখন ছিঙি দলিয়াই দিলে।
No comments:
Post a Comment