পৃথিৱীৰ সাধু
এই সাধুসমূহৰ
ৰচনাকাল এপ্ৰিল ১৯৯৬, স্থান: গুৱাহাটী। এয়া মোৰ কলম কাগজ ব্যৱহাৰ নকৰাকৈ প্ৰত্যক্ষ
ভাবে কম্পিউটাৰত টাইপ কৰি দুদিনৰ ভিতৰত সম্পূৰ্ণ কৰা মোৰ প্ৰথম খন পুথি।
জোনবাই কুঁৱাত
পৰিল
পুহ মহীয়া জাৰ।
মধুকায়ে কুঁৱাৰ ভিতৰৰ পানীত জোনবাইজনীক দেখিলে। কঁপি আছে। মধুকাই বৰ দয়ালু। কেনেকৈ
পৰি গ’ল বাইজনী কুঁৱাত? এই জাৰত জোনবাইজনী কেনেকৈ কুঁৱাত কঁপি কঁপি পৰি আছে দেহি ঐ!
বেছেৰী উঠিব নোৱাৰা হ’ল ছাগৈ! মধুকায়ে দুবাৰ মান মাতিলে। কিন্তু জোনবাইজনীয়ে মাতবোল
নকৰে।
কাইটিৰ বৰ বেয়া
লাগিল।নিশাটো পানীত পৰি থাকিলে নিউম’নিয়া হ’ব। তেওঁ ৰছী এডাল বিচাৰি আনিলে। তাৰ আগত
বৰশীৰ কাঁইট এডাল গাঠি দিলে। তেওঁ ৰছীডাল কুঁৱাৰ ভিতৰলৈ পেলাই দিলে। ক’লে, “তুমি চিন্তা
নকৰিবা বাই, মই তোমাক তুলি আনিম”।
কাঁইটডাল গৈ শিলত
লাগি ধৰিলে। কাইটিয়ে টানেহে টানে কিন্তু ৰছীডাল নাহে। পূৰ্ণিমাৰ বাই, সেয়ে ওজন বেছি
– কাইটিয়ে মনে মনে ভাবিলে। গাৰ সকলো শক্তিৰে টানোঁতে ৰছী ছিগি কাইটি মাটিত তিকা থেকেচা খাই পৰিল। কঁকালত দুখ পাই কাইটিয়ে কান্দি
পেলালে। এনেতে কাইটিৰ আকাশলৈ চকু গ’ল। আকাশত জোনবাইজনীয়ে হাঁহি আছে। -হওক তেও, বাইজনীক
তুলিব পাৰিলোঁ… তিকা মোহাৰি মোহাৰি কাইটিয়ে ভাবিলে।
No comments:
Post a Comment