লোভ
ফুনলেকৰ বৰ নাম
আছিল। তেওঁ বহু ৰোগীক ভাল কৰিছিল। তেওঁ যি ৰোগীৰ চিকিত্সা কৰে, তেওঁক সুস্থ কৰিহে এৰিব।
কিন্তু কথাতে কয় নহয় যে চন্দ্ৰৰ গাতো চেকা আছে; ফুনলেক বৰ লুভীয়া আছিল।ৰোগীয়ে টকা পইছা
দিব নোৱাৰিলে হাঁহ, কুকুৰাকে তুলি লৈ আহিছিল। সেয়াও নাপালে গছৰ লাউ কোমোৰাকে ছিঙি আনিছিল।
এবাৰ তেওঁ এটি
শিশুৰ চিকিত্সা কৰিলে। ৰোগ বৰ টান আছিল। কিন্তু ফুনলেকৰ ঔষধৰ গুণত শিশুটি সম্পূৰ্ণৰূপে
সুস্থহৈ উঠিল। শিশুটিৰ মাকে চিকিত্সাৰ বাবদ তেওঁক এটা সৰু পাট কাপোৰৰ জোলোঙা দিলে।
তাকে দেখি ফুনলেকৰ খঙে চুলিৰ আগ পালেগৈ। ইমান কষ্টৰে ল’ৰাটো বচালোঁ, তাৰ বিনিময়ত মাত্ৰ
এটা পাট কাপোৰৰ জোলোঙা!!
তেওঁ খঙেৰে ক’লে,
“মোক জোলোঙা নালাগে। মোৰ ফিজ দিয়ক।’’
তেওঁ খঙেৰে জোলোঙাটো
মাকৰ কোলালৈ দলিয়াই দিলে। জোলোঙাটো নোলোৱাত শিশুটিৰ মাকে মনত বৰ বেজাৰ পালে। তেওঁ মন
মাৰি সুধিলে, “ফিজনো কিমান টকা?’’
“নগদ ২০০ টকা।এক
পইছাও ইফাল-সিফাল নহ’ব।’’
মাকে পাটৰ জোলোঙাটোৰ
পৰা এসোপা টকা উলিয়াই তাৰে ২০০ টকা ফুনলেকক দিলে। টকাগাল দেখি ফুনলেকৰ চকু দুটা জিলিকি
উঠিল। তেওঁ কিবা ক’বলৈ বিচাৰিছিল। কিন্তু তাৰ আগতেই মহিলাগৰাকীয়ে হাতত জোলোঙাটো লৈ
ভিতৰ সোমাল।
No comments:
Post a Comment