Tuesday, 27 November 2012

লিখা-পঢ়া নজনাৰ ফল


পৃথিৱীৰ সাধু

এই সাধুসমূহৰ ৰচনাকাল এপ্ৰিল ১৯৯৬, স্থান: গুৱাহাটী। এয়া মোৰ কলম কাগজ ব্যৱহাৰ নকৰাকৈ প্ৰত্যক্ষ ভাবে কম্পিউটাৰত টাইপ কৰি দুদিনৰ ভিতৰত সম্পূৰ্ণ কৰা মোৰ প্ৰথম খন পুথি।

লিখা-পঢ়া নজনাৰ ফল

এখন গাঁৱত এগৰাকী বুঢ়ী আছিল। অকলশৰে থাকে। পুতেকে দূৰৈৰ এখন চহৰত চাকৰি কৰে। এদিন পুৱাতে ডাকোৱালে বুঢ়ীক এখন চিঠি দি থৈ গ’ল। বুঢ়ীয়েতো পঢ়িব নাজানে! সেয়ে কাৰোবাৰ হতুৱাই পঢ়াম বুলি ভাবিলে।
মানুহ বিচাৰি বুঢ়ী দিনটো পদূলিতে ৰৈ থাকিল। সন্ধিয়া পৰত বাটেৰে এটা পুলিচ অহা দেখিলে। বুঢ়ী আগ বাঢ়ি গৈ পুলিচটোৰ হাতত চিঠিখন দিলে। বুঢ়ীয়ে ক’লে, ‘পোনাটোৰ চিঠি হ’ব পায়, পঢ়াচোন কি লিখিছে।’
পুলিচটোৱে কিছুবেলি চিঠিখন ঘূৰাই পকাই চালে। তাৰ পাছত হুকহুকাই কান্দিবলৈ ধৰিলে।
ভয়ত বুঢ়ীৰ বুকু ধপধপাই উঠিল। বেয়া খবৰ আছে নেকি কিবা?
পুলিচটোৱে বুঢ়ীৰ প্ৰশ্নৰ দিবলৈ এৰি বেছি জোৰেহে কান্দিবলৈ ধৰিলে।
তাকে দেখি বুঢ়ীয়েও কান্দিবলৈ ধৰিলে। দুয়ো কান্দি থাকোঁতে বাটৰুৱা এজন আহিল। তেওঁ কিছুবেলি তেওঁলোকলৈ চাই থাকিল। অলপ পাছত সেই বাটৰুৱাজনেও মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে।
এনেতে আন এজন বাটৰুৱা সেই বাটেৰে আহিল। তিনিও  কান্দি থকা দেখি তেওঁ কাষ চাপি আহিল। “কি হ’ল? তোমালোকে কিয় কান্দিছা?’’। তেওঁ সুধিলে।
কিন্তু কোনে কাৰ কথা শুনে? বৰং তিনিও ৰাউচি যুৰি কান্দিয়েই থাকিল। অলপ সময়ৰ পাছত কান্দি থকা বাটৰুৱাজন শান্ত হ’ল। তেওঁ ক’লে, “মই কুমাৰৰ কাম কৰোঁ। বহুত দিনৰ আগতে মই এই বাটেৰে কিছুমান মাটিৰ চৰু-কলহ আনিছিলোঁ। সেইবোৰ এই খিনি ঠাইতে পৰি ভাঙিছি। মোৰ বহুত ধনৰ লোকচান হৈছিল। লোকচান পূৰাবলৈ মই খুবেই ব্যস্ত হৈ পৰিলোঁ। কান্দিবলৈ সময়কে নেপালোঁ। তাৰ পাছত কথাটো পাহৰি থাকিলোঁ। আজি এওঁলোকে কান্দি থকা দেখি কথাটোনো কি বুলি ৰৈ চাওঁতেই মনত পৰিল। বৰ বেজাৰ লাগিল মনত। সেয়ে কান্দি পেলালোঁ।’’
এইবাৰ বুঢ়ীয়ে উচুপি উচুপি ক’লে, “পুলিচ বোপাক চিঠিখন পঢ়িবলৈ দিওঁতে তেওঁ কান্দি দিলে। মই পোনাটোৰ কিবা অমংগল হৈছে বুলি ভাবিহে কান্দিছোঁ”।
চকুপানী মচি পুলিচটোৱে ক’লে, “আমাৰ কাম ৰাইজক সহায় কৰা। আজি এই আইতাই মোক চিঠিখন পঢ়ি দিবলৈ ক’লে। কিন্তু মইতো পঢ়িব নাজানো। আইতাক সহায় কৰিব নোৱাৰি মোৰ বৰ দুখ লাগিল। আই-বোপায়ে সৰুতে নপঢ়োৱাৰ বাবেও বৰ বেজাৰ লাগিল। সেয়ে কান্দি পেলালোঁ”।

No comments:

Post a Comment