প্ৰতিৱেশী
মন্ত্ৰী বৰ শান্তি
প্ৰিয় মানুহ। তেওঁ চিঞৰ বাখৰ, হুলস্থুল একেবাৰে
সহ্য কৰিব নোৱাৰে। কিন্তু কি যে দূৰ্ভাগ্য! মন্ত্ৰীৰ ঘৰৰ এফালে কাঠমিস্ত্ৰীৰ ঘৰ। দিন
নাই, ৰাতি নাই কেৱল কৰত আৰু হাতুৰী-বটালিৰ শব্দ। আনফালে আকৌ কমাৰৰ ঘৰ। দিন নাই, ৰাতি
নাই কেৱল লো কোবোৱাৰ শব্দ। বহুদিন মন্ত্ৰীয়ে সহ্য কৰিলে। আৰু নোৱাৰি। গতিকে তেওঁ পুলিচ
পঠিয়াই কমাৰ আৰু কাঠমিস্ত্ৰীক অনতি পলমে ঘৰ সলাবলৈ আদেশ দিলে। কথা মতেই কাম। তাতে মন্ত্ৰীৰ
আদেশ! নামানিলে কি পাকত পেলাই চাকত ঘুৰাই ঠিকনা নাই। গতিকে দুয়ো ঘৰ সলনি কৰিবলৈ যো-জা
কৰিলে।
বেলেগ ঘৰ বিচাৰি
পাই প্ৰথমে কমাৰ আহিল মন্ত্ৰীক মাত লগাবলৈ। কমাৰ যোৱাৰ পাছত কাঠমিস্ত্ৰী আহি জনালে
যে তেৱোঁ ঘৰ সলনি কৰিব। পিছদিনা পুৱা নতুন ঘৰলৈ যাবগৈ। দুয়ো মন্ত্ৰীক মাত লগোৱাৰ পাছত
মন্ত্ৰীৰ মনটো বেয়া লাগিল। হাজাৰ হওক তেওঁৰেই প্ৰতিৱেশী আছিল! তেওঁৰ শান্তিৰ বাবেই
সিহঁত যাব লগা হ’ল। মন্ত্ৰীয়ে দুয়োকে নিশা মাতি আনি মাছে-ভাতে-মঙহে ভালদৰে খুৱালে।
যাতে তেওঁলোকে বেয়া পাই নাযায়।
পিছদিনা নিশা
শান্তিৰে শুব পাৰিম বুলি মন্ত্ৰী বিচনাত পৰিল। কিন্তু আকৌ সেই কৰত-বটালি-লোহাৰ শব্দই
তেওঁৰ শান্তি ভংগ কৰিলে। ইহঁতে ঘৰ সলাম বুলি ফাকি দিলে! মন্ত্ৰীয়ে মনে মনে ভাবিলে।
খঙত মন্ত্ৰীয়ে লগে লগে খবৰ কৰিবলৈ পুলিচ পঠিয়ালে। পুলিচে আহি খবৰ দিলে – তেওঁলোক দুয়োৱে
ঘৰ সলোৱাটো সঁচা। কাঠমিস্ত্ৰীৰ ঘৰটো কমাৰে লৈছে আৰু কমাৰৰ ঘৰটো কাঠ মিস্ত্ৰীয়ে লৈছে।
No comments:
Post a Comment